বিশ্ব গঁড় দিৱসৰ চিন্তা
ৰাইজৰ সহযোগিতা অবিহনে কাজিৰঙাৰ গঁড় কেতিয়াও সুৰক্ষিত নহয়
ধ্ৰুৱজ্যোতি সাহা, ২২/০৯/২০১৯: বিলুপ্তিৰ দিশলৈ আগবঢ়া গঁড়ৰ পাঁচোটা প্ৰজাতি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যত ২০১০ চনৰ ২২ চেপ্তেম্বৰত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হয় বিশ্ব গঁড় দিৱস। বিশ্ব প্ৰকৃতি নিধি চমুকৈ WWFৰ উদ্যোগত প্ৰথমবাৰৰ আয়োজিত এই দিনটোক পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বই বিশ্ব গঁড় দিৱস হিচাপে উদযাপন কৰে। গঁড় দিৱসৰ উদ্দেশ্য যদিও গঁড় সুৰক্ষাৰ বাবে সজাগতা সৃষ্টি কৰা, প্ৰকৃতাৰ্থত সেই উদ্দেশ্যতকৈ জাকজমকতাৰে দিৱসটো উদযাপন কৰাতহে বেছি গুৰুত্ব আৰোপ কৰা দেখা যায়। বছৰটোৰ মাত্ৰ এটা দিনত ধুমধামেৰে গঁড় দিৱস উদযাপন কৰি বাকী দিন কেইটাত কোনো ধৰণৰ চৰ্চা নকৰাটোৱে গঁড় সুৰক্ষাৰ বিষয়টো প্ৰকৃতপক্ষে যে ফলপ্ৰসু হৈ উঠা নাই সেয়া ইতিমধ্যেই স্পষ্ট হৈ পৰিছে। আনকি, প্ৰথমে গঁড় দিৱস উদযাপন কৰা সংস্থা WWFৰো গঁড় সুৰক্ষাৰ নামত চৰকাৰী-বেচৰকাৰী বিভিন্ন উৎসৰ পৰা পুঁজি আহৰণ কৰাটোহে যেন মূল বিষয় হৈ পৰা পৰিলক্ষিত হৈছে।
সম্প্ৰতি বিশ্বত থকা গঁড়ৰ পাঁচটা প্ৰজাতি আফ্ৰিকা মহাদেশৰ দুটা খৰ্গযুক্ত ক’লা গঁড়, আফ্ৰিকা মহাদেশৰ বগা গঁড়, সুমাত্ৰাৰ দুটা খৰ্গযুক্ত গঁড়, জাভাৰ এটা খৰ্গ থকা গঁড় আৰু ভাৰতৰ এটা খৰ্গ থকা গঁড়ৰ ভিতৰত ভাৰতৰ অসম ৰাজ্যত থকা এটা খৰ্গ থকা গঁড় পৃথিৱী বিখ্যাত। এটা খৰ্গ থকা গঁড় অসমৰ কাজিৰঙা, পবিতৰা আৰু মানাহত পোৱা যায়৷ ৰাইন’চৰাচ ইউনিকৰ্ণিচ বৈজ্ঞানিক নামৰ এই এটা খৰ্গ থকা গঁড়ৰ সুৰক্ষাৰ বাবে ব্ৰিটিছ চৰকাৰেই লৈছিল আগভাগ। ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ তদানীন্তন ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী ভিক্টোৰীয়া লেইটাৰ কাৰ্জনৰ অনুৰোধতে গঁড়ৰ সুৰক্ষাৰ হেতু ১৯০৮ চনৰ ৩ জানুৱাৰীত ব্ৰিটিছ চৰকাৰে ১৪৪২/আৰ/১-৬-১৯০৫ নং ৰাজপত্ৰ যোগে কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে। এই কাজিৰঙা সংৰক্ষিত বনাঞ্চলেই ১৯১৬ চনত প্ৰমোদ উদ্যান, ১৯৫০ চনত অভয়াৰণ্য, ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান আৰু ১৯৮৫ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভ কৰে। আনহাতে, ১৮৯১ চনৰ ‘অসম বন নিয়ন্ত্ৰণ আইন’ৰপৰা আৰম্ভ কৰি ২০০২ চনৰ ‘জৈৱ বৈচিত্ৰ সংৰক্ষণ আইন’ আদি বিভিন্ন আইন প্ৰণয়নেৰে কাজিৰঙা তথা গঁড়ৰ বিশেষ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কিন্তু, প্ৰকৃতাৰ্থত এই আইনবোৰে জানো গঁড়ক সুৰক্ষিত কৰিছে?
কোটি কোটি টকা খৰচ কৰিলেও বিজ্ঞানসন্মত ভাৱে উদ্যানৰ অন্তৰ্ভাগত হাইলেণ্ডৰ ব্যৱস্থা নকৰাৰ বাবেই আন বন্যজন্তুৰ লগতে আপুৰুগীয়া এটা খৰ্গযুক্ত গঁড় বাঢ়নী পানীত বুৰ গৈ অকাল মৃত্যুক সাৱটিব লগা হৈছে৷ এক তথ্য অনুসৰি, ১৯৮৬ চনৰ পৰা ২০১১ চনৰ ভিতৰত চোৰাং চিকাৰীৰ দ্বাৰা নিহত হৈছে ৫২৪ টা গঁড়৷ ইয়াৰ বিপৰীতে চোৰাং চিকাৰীৰ নামত কেৱল কাজিৰঙাতে ২০১১ বৰ্ষৰ পৰা ২০১৬ বৰ্ষলৈকৈ বনৰক্ষী আৰু সুৰক্ষাকৰ্মীৰ গুলীত নিহত হৈছে ৫৯ জন লোক। ইয়াৰে কেইবাজনো লোক কাজিৰঙা, বোকাখাত আদি এলেকাৰ। এই লোক সকলৰ বাসগৃহত আজিৰ তাৰিখতো তালাচী চলালে কোনোমতে ভাত মুঠি খাই জীয়াই থকা একোটা পৰিয়ালহে আৱিস্কাৰ হ’ব। এই লোকসকলৰ ভিতৰৰ এজন ২০১১ চনৰ ২১ মে’ত বনৰক্ষীৰ গুলীত নিহত হোৱা ৰাহুল কুটুম। বোকাখাতৰ আমটেঙা নিৱাসী এই লোকজনৰ মৃতদেহৰ দুই হাতত ৰচী বান্ধি থোৱাৰ চিন স্পষ্ট আছিল। যাৰ বাবে পৰৱৰ্তী সময়ত ৰাহুলৰ পৰিয়ালৰ লোকে হাত বান্ধি ৰাহুলক গুলীয়াই হত্যা কৰা হৈছে বুলি অভিযোগ তুলি বনবিভাগৰ কেইবাগৰাকী তদানীন্তন বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে হত্যাৰ গোচৰ তৰিছিল। আকৌ দেখা যায়, চিকাৰীৰ নামত যেতিয়া কোনোবা নিহত হয় দুই-এক ঘটনাৰ বাদে প্ৰতিটোতে আওপুৰণি ৩০৩ ৰাইফল উদ্ধাৰ কৰা হয়। কিন্তু, গঁড়ৰ মৃত্যু হ’লে এ কে চিৰিজৰ গুলী ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হয়। এইবোৰ ৰহস্যজনক ঘটনা। এই ঘটনাবোৰে সাধাৰণ ৰাইজৰ মনত বনবিভাগৰ প্ৰতি সন্দেহ ঘণীভূত হয়। আকৌ গঁড় হত্যা হ’লে ঘটনাস্থলীত সাংবাদিকৰ প্ৰৱেশত বাধা, বনবিভাগৰ ৱায়াৰলেছত গঁড় হত্যাৰ খবৰ উৰ্ধতন কৰ্তৃপক্ষক নিদি ম’বাইল ফোন যোগে জনোৱা আদি বিষয়বোৰে বিষয়বোৰ অধিক ৰহস্যৰ আৱৰ্তলৈ নিয়ে। গঁড় গণনাত স্বয়ং বনবিভাগৰ লোকে বিসংগতিৰ কথা স্বীকাৰ কৰাটোৱে এটা খৰ্গ থকা গঁড়ৰ সংখ্যা যে সাংঘাতিক বৃদ্ধি হোৱা নাই সেয়া স্পষ্ট হৈছে। এনে প্ৰেক্ষাপটত বিলুপ্তিৰ দিশলৈ আগবঢ়া গঁড় কিদৰে সুৰক্ষা কৰিব পৰা যায় সেয়া সকলোৰে বাবে গুৰুত্বপূৰ্ণ বিষয়।
গঁড় নিধন প্ৰধানতঃ অন্ধবিশ্বাসৰ বাবেই হত্যা কৰা হয় বুলি যদিও কোৱা হয় প্ৰকৃতাৰ্থত এয়া পুঁজিবাদী বজাৰৰহে অংশ। কাৰণ, বহু অন্ধবিশ্বাসীৰ মতে, গঁড়ৰ খৰ্গৰ আঙুঠি পিন্ধিলে অথবা ইয়াৰ পৰা প্রস্তুত কৰা দৰৱ ব্যৱহাৰ কৰিলে ভাগ্য উদয় হোৱাৰ লগতে যৌনশক্তি বৃদ্ধি পায় বুলি কোৱা হয় যদিও সেয়া সাধাৰণ ৰাইজে ক্ৰয় কৰিব নোৱাৰে। পুঁজিপতি অবিহনে চুলিৰ এক কঠিন সমষ্টি বুলি জনাজাত গঁড়ৰ খৰ্গ ক্ৰয় কৰাটো কেতিয়াও সম্ভৱ নহয়। আন এটা বিষয় হ’ল, গঁড় চিকাৰীৰ নামত যিসকলক হত্যা কৰা হয় অথবা গ্ৰেপ্তাৰ কৰা হয় সেই সকলৰ বিৰুদ্ধে গঁড় হত্যা কৰা, চিকাৰীক বাট দেখুৱাই দিয়া, চিকাৰীক আশ্ৰয় প্ৰদান কৰা অথবা খৰ্গ সৰবৰাহৰ স’তে পোনপটীয়া ভাৱে জড়িত থকাৰ অভিযোগ কৰা হয়। কিন্তু, কথা হ’ল, ৰাষ্ট্ৰৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা, চোৰাংচোৱা ব্যৱস্থা থকাৰ পাছতো বন্দুক লৈ গঁড় হত্যাৰ বাবে কেনেকৈ উদ্যানত প্ৰৱেশ কৰে ‘চিকাৰী’? দ্বিতীয়তে, খৰ্গ সৰবৰাহ কৰা মানুহজনক শাস্তি দিয়া হয় কিন্তু, কাৰ কাৰণে গঁড় হত্যা কৰা হয় অথবা কোনে খৰ্গ ক্ৰয় কৰে সেয়া সদায়েই অস্পষ্ট। উৎস উলিওৱাৰ পৰা বিৰত থাকি গঁড়ৰ খৰ্গ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ যায় বুলি এটা বিমূৰ্ত ধাৰণা দিয়া হয় স্বয়ং চৰকাৰী পক্ষৰদ্বাৰা। আনহাতে, গঁড়ৰ খৰ্গ যদি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈয়েই যায় কটকটীয়া নিৰাপত্তা থকাৰ পাছতো কোনে ভাৰতৰ সীমা পাৰ কৰি দিয়ে, সেই লৈ কোনো ধৰণৰ তদন্ত কেতিয়াও নাই। প্ৰকৃতাৰ্থত, কাজিৰঙাৰ গঁড় হত্যা পুঁজিপতি বজাৰৰ দ্বাৰা সৃষ্ট এটা ৰাজনৈতিক বিষয়। গঁড় হত্যাক কেন্দ্ৰ কৰি চৰকাৰ গঠন অথবা পতনৰ প্ৰশ্নটো জড়িত হৈ থাকে। এজন বিষয়া অথবা কৰ্মচাৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কিমান দিন কৰ্তব্যত নিয়োজিত হৈ থাকিব, বঁটা পাব নে গতা খাব অথবা কোনোবা মন্ত্ৰী বনবিভাগৰ দায়িত্বত থাকিব নে নাই সেয়াও গঁড় হত্যাই নিৰ্ধাৰণ কৰে। ৰাষ্ট্ৰৰ মেকানিজিম থকা তথাকথিত অদৃশ্য শক্তিৰ দ্বাৰা সংঘটিত এই গঁড় হত্যাৰ ঘটনাই নিৰ্ধাৰণ কৰে বছৰ বছৰ ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া এলেকাত বসবাস কৰি থকা কাজিৰঙাবাসী উদ্যানখনৰ শত্ৰু নে মিত্ৰ। বেদখলকাৰী নে শুভ চিন্তক, ভৱিষ্যৎ কেনে ধৰণৰ সেই সকলো বিষয় নিৰ্ভৰ কৰে। বৃহৎ পুঁজিপতিৰ স্বাৰ্থত আঘাত লাগিলেই যিকোনো মুহূৰ্ততে এজন সামাজিক ভাৱে জড়িত মানুহক অসামাজিক কাৰ্যকলাপত জড়িত কৰিব পৰাৰ অধিকাৰ আছে ৰাষ্ট্ৰৰ হাতত। আনহাতে, ৰাষ্ট্ৰ সৃষ্ট এই কৃত্ৰিম ভীতিৰ বাবেই কাজিৰঙাৰ গঁড় সুৰক্ষাৰ প্ৰশ্নত স্থানীয় ৰাইজৰ অংশগ্ৰহণ ক্ৰমাৎ হ্ৰাস পাই আহিছে।
ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্রণালয়ে অসমৰ গঁড়ৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে ইণ্ডিয়া ৰাইন’ ভিজন ২০২০ আঁচনি গ্রহণ কৰিছে। এই আঁচনি অনুসৰি, ২০২০ চনৰ ভিতৰত অসমত গঁড়ৰ সংখ্যা ৩০০০ কৰাৰ লক্ষ্য। মানুহে যদিও পোনপটীয়াভাৱে গঁড়ৰ বংশ বৃদ্ধি কৰিব নোৱাৰে। তৎস্বত্বেও বছৰি হোৱা গণনাত গঁড়ৰ সংখ্যা বৃদ্ধি হোৱাৰ অন্তৰালত থকা ৰহস্যবোৰ প্ৰকাশ নহ’লেও সকলোৱে জানে। ইপিনে, গঁড় সুৰক্ষাৰ বাবে বৃহৎ পুঁজিৰ যোগান ধৰা একাংশ এন জি অ’ক দায়িত্ব অৰ্পণ কৰা হয়। এই এন জি অ’বোৰে সময়-অসময় বুলি কথা নাই, নিজৰ ইচ্ছা মতে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বিচৰণ কৰিব পাৰে। অ-আ, ক-খ নজনা এজন সাধাৰণ মানুহেও জানিব মুনাফা অবিহনে বৃহৎ সাম্ৰাজ্যৰ অংশীদাৰ এই এন জি অ’ৰ মুখা পিন্ধাসকলে কাম হয়তো নকৰিব। ইপিনে, বৃহৎ পুঁজি যোগান ধৰাৰ বাবেই এন জি অ’বোৰৰ শ্ৰুতলিপি মানিবলৈ বাধ্য হয় চৰকাৰী ব্যৱস্থাটোৱে। আনহাতে, কাজিৰঙাৰ বন্যজন্তুৰ আক্ৰমণত আহত-নিহত দাঁতি কাষৰীয়া ৰাইজৰ চৰকাৰী ব্যৱস্থাটোৰ বিৰুদ্ধে থকা ক্ষোভ নাইকিয়া কৰাৰ বাবে এই এন জি অ’বোৰে ত্ৰাণকৰ্তাৰূপে থিয় দিয়ে। ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ক্ষয়-ক্ষতিৰ ক্ষতিপূৰণ অথবা বিভিন্ন যিসমূহ অধিকাৰ ৰাইজে চৰকাৰৰ পৰা পোনপটীয়াকৈ পাব লাগে তাক এন জি অ’ৰ যোগেদি প্ৰদান কৰি চৰকাৰী যন্ত্ৰটোৱে সাম্ৰাজ্যবাদক পোনপটীয়াকৈ সাধাৰণ জনতাৰ সুমুৱাই দিয়ে। ফলত, এই বৃহৎ পুঁজিপতি এন জি অ’বোৰৰ নিয়ন্ত্ৰণত থকা চৰকাৰী যন্ত্ৰই কাজিৰঙাৰ তথাকথিত সুৰক্ষাৰ নামত যিকোনো কৰ্ম কৰি থাকিব পাৰে। ইয়াৰ বিপৰীতে উদ্যানৰ দাঁতি কাষৰীয়া সাধাৰণ জনতাই উদ্যানৰ বন্যজন্তুৰ স্বাৰ্থতেই উদ্যান সম্প্ৰসাৰণৰ নামত নিজৰ বহু বিঘা ভূমি এৰি দিয়াৰ পাছতো, বন্যজন্তুক খেতি খাবলৈ এৰি দিয়াৰ পাছতো, বহুতৰ প্ৰাণ উৎসৰ্গা কৰা আদিৰ দৰে ত্যাগসমূহ মূল্যহীন হৈ পৰে। এই কাৰকবোৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া সাধাৰণ জনতাক চৰকাৰী যন্ত্ৰটোৰ পৰা আঁতৰাই ৰাখে। যাৰ বাবেই কাগজে-কলমে বাঢ়িলেও চৰকাৰী ষড়যন্ত্ৰতে প্ৰকৃতপক্ষেই কাজিৰঙাৰ গঁড় অসুৰক্ষিত হৈ পৰিছে। সঁচা অৰ্থত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় সুৰক্ষিত কৰিবৰ হেতু দাঁতি কাষৰীয়া সাধাৰণ জনতাক নিজৰ অধিকাৰ উভতাই দিব লাগিব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক লৈ দাঁতি কাষৰীয়া সাধাৰণ জনতাই গৌৰৱ কৰিব পৰাৰ পৰিৱেশ অনাৰ চেষ্টা কৰিব লাগিব, উদ্যানৰ স’তে বছৰ বছৰ ধৰি সংপৃক্ত হৈ থকা থলুৱা নিৱনুৱাক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া সাধাৰণ জনতাক অৰ্থনৈতিক ভাৱে স্বাৱলম্বী কৰিবৰ বাবে চৰকাৰী ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই ব্যৱস্থাবোৰে স্থানীয় ৰাইজক শতবৰ্ষ গৰকা কাজিৰঙা উদ্যান তথা বিলুপ্তিৰ দিশলৈ আগবঢ়া গঁড়ৰ সুৰক্ষাৰ বাবে নিজকে অধিক উৎসৰ্গিত কৰিবলৈ উৎসাহ যোগান ধৰিব, যিয়ে গঁড় সুৰক্ষাত ইতিবাচক ভূমিকা ল’ব। কাৰণ, যিমানেই চৰকাৰী নিশ্ছিদ্ৰ নিৰাপত্তা ব্যৱস্থা নাথাকক কিয় ৰাইজৰ সহযোগিতা অবিহনে কাজিৰঙাৰ গঁড় কেতিয়াও সুৰক্ষিত নহয়।
দূৰভাষঃ ৯১০১৩০২৩৩১