কাজিৰঙাত উদযাপন বিশ্ব গঁড় দিৱস।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২২ ছেপ্টেম্বৰ: আজি বিশ্ব গঁড় দিৱস। সমগ্ৰ বিশ্বৰ লগতে কাজিৰঙাটো বিস্তৃত কাৰ্য্যসূচীৰে পালন কৰা হৈছে বিশ্ব গঁড় দিৱস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ উদ্যোগত কলিয়াবৰ আৰু বোকাখাত মহকুমা প্ৰশাসনৰ সহযোগত দিনা যোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা বিশ্ব গঁড় দিৱসৰ পুৱাৰ কাৰ্য্যসূচীত গঁড়ৰ প্ৰতীক সহ গঁড় যাত্ৰা শীৰ্ষক শুভাযাত্ৰা উলিওৱা হয় ৷ পুৱা কলিয়াবৰ তিনিআলিৰ পৰা গহপুৰ আৰু বোকাখাত অভিমুখে পৃথকে দুটি গঁড়ৰ প্ৰতীক লৈ আৰম্ভ কৰা গঁড় যাত্ৰাৰ উদ্ধোধন কৰে মহকুমাধিপতি বিতোপন নেওঁগ আৰু পূৱ অসম বনসংমণ্ডল প্ৰাধিকাৰী ৰোহিনী বল্লভ শইকীয়াই। বোকাখাতৰ দিশে আগবঢ়া গঁড় যাত্ৰাত বুঢ়া পাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়,কুঠৰীৰ স্থানীয় ৰাইজ,বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় আৰু কঁহৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা উস্ম আদৰণি জনোৱা হয় ৷ কঁহৰা চাৰিআলিত বিভিন্ন দল সংগঠন, স্থানীয়, ৰাইজ আৰু ছাত্ৰছাত্ৰীয়ে আদৰণি জনাই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আয়োজন কৰা গঁড় দিৱস উপলক্ষে বোকাখাতত বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ৷ আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত আয়োজন কৰা গঁড় দিৱস উদযাপন সমিতিত কাজিৰঙাৰ কোনো দল সংগঠনক অন্তৰ্ভুক্ত নকৰাত কাজিৰঙাৰ একাংশ স্থানীয় লোকৰ লগতে স্থানীয় দল সংগঠনে আক্ষেপ প্ৰকাশ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *