বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৭ ছেপ্টেম্বৰ: বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ত দুদিনীয়া কৈ বুৰঞ্জী আৰু শিক্ষা বিভাগৰ উদ্যোগত তথা “মংগলম” ৰ সহযোগত আজি ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০১৯ৰ বিষয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ হয়। অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে পুতলী খাউন্দে। আদৰণি ভাষন দিয়ে উপাধ্যক্ষ মানসী ফুকনে ৷ অধ্যাপক চিৰঞ্জিৱ দাহালে আত ধৰা আলোচনা চক্ৰত ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা ডঃ নিতা কলিতা বৰুৱাই মূখ্য বক্তাৰ ভাষনত ২০১৯ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সম্পর্কে বহলাই কয়। ডঃ বাবুলাল ম’ৰ, কমল গগৈ আৰু জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা উপস্থিত থাকে উক্ত অনুষ্ঠানত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *