প্ৰসংগ: গোলাঘাটৰ চুফাৰী মাফিয়াৰ ডি আৰ আই বিষয়াক আক্ৰমণ। আৰক্ষীৰ ভূমিকাকলৈ সৰৱ অখিল গগৈ।

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ২৮ ছেপ্টেম্বৰ: গোলাঘাটত চুফাৰী মাফিয়াৰ উচটনিত কৰ্তব্যৰত কেন্দ্ৰীয় ৰাজহ অনুসন্ধান কাৰী বিষয়াৰ দলক আক্ৰমনৰ ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক নেতা অখিল গগৈয়ে ৷ অখিল গগৈৰ অভিযোগ মতে গোলাঘাটৰ চুফাৰী মাফিয়াৰ উচটনিত গোলাঘাটৰ আব্দুল হান্নান ওৰফে বাবলু নামৰ লোকৰ ঘৰলৈ তদন্তৰ বাবে যোৱা ডি আৰ আইৰ তিনি বিষয়া আক্ৰমণৰ বলি হয়। ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কাজিৰঙাত সংবাদ মাধ্যমৰ আগত অখিল গগৈৰ অভিযোগ যে গোলাঘাটৰ চুপাৰি মাফিয়া বাবলুৰ উচটনিত DRI উপ সঞ্চালক সহ তিনি বিষয়াক একাংশ লোকে আক্ৰমণ চলাই। মাফিয়া বাবলুৰ গুদামত অনুসন্ধান চলাবলৈ যোৱা বিষয়া কেইগৰাকীক সহযোগ কৰাৰ বিপৰীতে চুপাৰি মাফিয়াৰ পক্ষ লয় গোলাঘাট আৰক্ষীয়ে। ইফালে, অখিলৰ মন্তব্য গোলাঘাট জিলা প্ৰশাসন চুফাৰী মাফিয়াই নিয়ন্ত্ৰণ কৰে ৷ ৰাজ্যত গৃহবিভাগৰ অস্তিত্ব আছেনে নাই সেয়াও সচেতন লোকে সন্দেহ কৰে ৷ এনেক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগ নিচ্ছুপ বুলি অভিযোগ আনি গৃহ বিভাগৰ পৰা সৰ্বানন্দ সোণোৱালক পদত্যাগৰ দাবী জনাইছে কৃষক নেতা অখিল গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *