আজি পবিত্ৰ মহাষষ্ঠী, সন্ধ্যাৰ শুভ লগনত কাজিৰঙা কাকগোসানী থানত সম্পন্ন হব পবিত্ৰ বেলবৰণ

নিউজ ডেস্ক, কাজিৰঙা লাইভ, ৪ অক্টোবৰ: আজি পবিত্ৰ মহাষষ্ঠী ৷ সমগ্ৰ ৰাজ্যতে এতিয়া উৎসৱমুখৰ পৰিবেশ ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাজিৰঙাতো দুৰ্গা দেৱীক আৰাধনা কৰাৰ ব্যাপক প্ৰস্তুতি ৷ কাজিৰঙাৰ ৩০০ বছৰীয়া আহোম ৰজা গদাধৰ সিংহ স্মৃতি বিজড়িত,ঐতিহ্যমণ্ডিত মহামায়া শ্ৰী শ্ৰী কাকগোসানী দুৰ্গা থানত এতিয়া ভীষণ ব্যস্ততা ৷ একেলগে সাতঁহাজাৰ ভক্তই সেৱা ধৰিব পৰাকৈ ব্যৱস্থা কৰিছে থান পৰিচালনা সমিতিয়ে ৷ উল্লেখ্য যে মনোবাঞ্ছা পূৰণ হোৱা কামনাৰে প্ৰতিবছৰে মহ,ছাগলী,হাহঁ ,পাৰৰ বলি বিধান প্ৰক্ৰিয়াৰে দেৱীৰ চৰণত উৎসৰ্গা কৰি আহিছে ভক্তসকলে ৷ চাৰিদিনীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হবলগীয়া এই পূজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অসম গৌৰৱ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰতিবছৰৰ দৰেই এইবৰ্ষতো বিশেষ পূজা আগবঢ়োৱা হব বুলি মত প্ৰকাশ কৰিছে থান পৰিচালনা সমিতিৰ সভাপতি দীপক গগৈয়ে৷ আনহাতে প্ৰতি বছৰে ভক্তৰ সংখ্যা বাঢ়ি যোৱা এই পূজাভাগিত ভক্তৰ মনোকামনা পূৰণৰ লগতে দিনক দিনে বাঢ়ি অহা ধৰ্ষণ কাৰ্য্য,দুৰ্ঘটনা তথা বিশ্ব শান্তিৰ বাবে দেৱীৰ আশীষ বিছাৰি আয়োজক সমিতিয়ে দুৰ্গা দেৱীৰ চৰণত নৈবদ্য আগবঢ়াই আহিছে ৷পবিত্ৰ ষষ্ঠীপূজৰ সন্ধ্যা শুভ লগনত বেলবৰণ প্ৰথাৰে আৰম্ভনি হয় এই পূজা ৷ বৰ্তমানলৈকে বাৰটা মহ বলি,তিনি শতাধিক ছাগলীৰ লগতে প্ৰায় পাচঁ শতাধিক হাহঁ-পাৰৰ বলিৰ বাবে পঞ্জীয়ন হোৱাৰ কথা উল্লেখ কৰি থান পৰিচালনা সমিতিৰ সম্পাদক কনক দলে লগতে কয় যে অষ্টমীলৈকে মহ বলিৰ সংখ্যা বিশ টালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ৷ আনহাতে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকেও এই পূজাত নৈবদ্য আগবঢ়োৱা পৰিলক্ষিত হয় ৷ কাজিৰঙালৈ অহা বিদেশী পৰ্য্যটকেও দেৱীৰ চৰণত চাকী-ধূপ জ্বলাই মূৰ দোৱাই আশীষ লয় ৷ তদুপৰি মহালয়াৰ পৰাই দশমীলৈকে সম্পুৰ্ণ তান্ত্ৰিক পদ্ধতিত হোৱা এই পূজাত দেশখন উন্নতিৰ পথত আগুৱাই যাবলৈ শক্তিপূজা কৰা হয় বুলি মত প্ৰকাশ কৰে ঐতিহ্যমণ্ডিত থানখনৰ মুখ্য পূজাৰীজনে ৷ তদুপৰি সাম্প্ৰতিক সময়ত প্লাষ্টিকৰ যি ভয়াবহতা তথা পলিথিনে বৰ্তমান সমাজলৈ যি ভাবুকি কঢ়িয়াই আনিছে তাৰ বাবে মহামায়া থানখনৰ পৰিচালনা সমিতিয়ে বিশেষ পদক্ষেপ হাতত লৈছে ৷ প্লাষ্টিকমুক্ত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ লক্ষ্য ৰাখি সমিতিৰ আহ্বান যে ভক্তসকলে যি সমুহ নৈবদ্য পলিথিনৰ বেগত আনে সেই নৈবদ্য কাকগোসানী থানত গ্ৰহণ কৰা নহব ৷ ভক্তসকলক নৈবদ্যসমুহ কাগজৰ মোনা বা খৰাহীত আনিবলৈ বিনম্ৰ আহ্বান থান পৰিচালনা সমিতিৰ ৷ মহামায়া শ্ৰী শ্ৰী কাকগোসানী থান পৰিচালনা সমিতিৰ পলিথিনমুক্ত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ প্ৰয়াস সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিছে কাজিৰঙাৰ সচেতন নাগৰিকসকলে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *